ৰাইট প্লেটফৰ্ম কোনখন ?
#ৰাইট_প্লেটফৰ্ম_কোনখন ?
পেচাত মই এজন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। আজি অলপদিনৰ আগলৈকে এজনীয়া শিক্ষকৰূপে কৰ্মৰত। অপ্ৰিয় হ'লেও সত্য যে বিভাগীয় ব্যৱস্থাপনাৰ অভাৱ আৰু চৰকাৰৰ অনীহাৰ বাবেই এতিয়াও বহু বিদ্যালয় এজনীয়া শিক্ষকৰে চলাই থকাৰ বিপৰীতে এনেকুৱা বিদ্যালয়ো হয়তো বিচাৰিলে ওলাব য'ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় সমান। আচল কথোটালৈ আহো। কথাবোৰ এনেকুৱা --
১) বিভিন্ন আঁচনি, বিভিন্ন পৰিকল্পনা আদিৰ বিষয়ে হোৱা প্ৰশিক্ষণসমূহত প্ৰাথমিক শিক্ষক সমাজৰ পৰা অহা প্ৰথম অভিযোগটো হ'ল শ্ৰেণী অনুসৰি শিক্ষক নহ'লে অথবা প্ৰয়োজনীয় ন্যূনতম সংখ্যাৰ শিক্ষক নহ'লে এনে পৰিকল্পনাৰে আগবঢ়া সম্ভৱ নহয়, মানে অসম্ভৱ। বহু সময়ত আৰম্ভণিতেই এনে নঞাৰ্থক বাৰ্তাৰে সমগ্ৰ বাতাবৰণটোকে নষ্ট কৰি দিয়াৰো উদাহৰণ নোহোৱা নহয়। কিন্তু এই ক্ষেত্ৰটো সংগঠক সকলে এটাই উত্তৰ দিয়ে --- This is not the right platform to discuss this type of problem. এইটোৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।
২) প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক(Head Master) নাই, অথচ এজন সব্যসাচী মানুহ আছে যিজনে শিক্ষকৰ দৰে পাঠদান কৰিবও পাৰে, এজন অভিজ্ঞ তথা কাহানিও ভুল নোহোৱা গাণনিকৰ দৰে সকলো হিচাব-নিকাচ ৰাখিবও পাৰে, চৌকিদাৰৰ দৰে কাৰ্যালয়ত গৈ কিতাপ-বহীৰ বস্তাও ডাঙিব পাৰে, ঠিকাদাৰৰ মহৰীজনৰ দৰে বিভিন্ন অসামৰিক নিৰ্মাণ কাৰ্য ব্যৱস্থাপনাও কৰিব পাৰে, আয়াৰ দৰে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ শেঙুণ (কেতিয়াবা প্ৰস্বাব-পায়খানাও) গুচাব পাৰে, মাহেকজুৰি পইচাৰ অভাবত হয় পকেটৰ ধন খৰচেৰে অথবা দোকানীৰ গালি শুনি দৈনিক মধ্যাহ্ন ভোজনো খুৱাব পাৰে, কেইবামাহো প্ৰাপ্য মঁজুৰি নোপোৱাৰ বাবে ভাত নাৰান্ধো বুলি কোৱা ৰান্ধনিগৰাকীক খাটিৰ কৰি কৰি ভাত ৰান্ধিবলৈ সৈমানকৰাবও পাৰে ----- আৰু কি কৰিব নোৱাৰে। অথচ তেওঁৰ এম ই, এম ভি অথবা উচ্চ-মাধ্যমিক বিদ্যালয়ৰ দৰে প্ৰধান শিক্ষক হোৱাৰ যোগ্যতা থাকিব নোৱাৰে।
এইটোৰ বিষয়েও কিবা ওলালে চি.আৰ.চি.চি., একাউণ্টটেণ্ট, বিষয়া সকলোৱে কয় - We are helpless. This is not the right place to discuss this.
সংশ্লিষ্ট সকলক, যিসকলে চকু মুদি মুদি কুলিৰ দৰে নিজৰ দায় সাৰে, কেৱল নিজৰ কাম কেইটাৰ দীঘলীয়া Instruction দিয়ে, যিসকলে এল.পি. শিক্ষক সকলক বহতীয়া গোলাম বুলি ভাবে, তেওঁলোকক সুধিবৰ মন যায় -- ৱাট ইজ দ্যা ৰাইট প্লেটফৰ্ম চাৰ?
আচলতে ঘৰৰ সকামটোত একাষৰীয়াকৈ কেইটামান প্ৰসাদেৰে পাত এখন দি পালমৰাৰ পৰা আৰম্ভ কৰি বিদ্যালয় পৰ্যায়লৈকে প্ৰতিবাদ কৰিব নোৱাৰা কণ কণ শিশুসকলৰ প্ৰতি সকলো উদাস। আনহে নালাগে চহৰে প্ৰতি পৃথক ছাত্ৰ-সংগঠন থকা ৰাজ্যখনৰ কোনো এটা সংগঠনেও প্ৰাথমিক বিদ্যালয়ৰ সমস্যাবোৰৰ ওপৰত গুৰুত্ব আৰোপ নকৰে। এইবোৰো যেন ষ্টেশ্ব্যনৰ কাষত থকা মানুহঘৰৰ পৰা শুনা ৰেলৰ উকি, নিৰলশ, কৰ্কশ অথচ আওকাণ কৰাৰ বাদে উপায় নাই।
অথচ আমি সকলোৱে কওঁ ভেঁটিটো মজবুত নহ'লে ঘৰখন কেতিয়াও সবল হ'বই নোৱাৰে। এইদৰে ক'বলৈ আমি বাৰু নিজেই নিজও ওচৰত লজ্জিত হোৱা উচিত নহয়নে?
আশাঃ -- অসম্ভৱ নহয়। সহযোগিতা আৰু সদিচ্ছাৰে এইবোৰৰ সমাধান সম্ভৱ। ৰাজনীতিৰ, সমাজনীতিৰ উৰ্দ্ধত গৈ আমি শিক্ষাৰ বাবে কাম কৰা উচিত। সংশ্লিষ্টসকলে প্ৰাথমিক শিক্ষাৰ বাবে কেৱল কমিচন অহা আঁচনিবোৰ তৈয়াৰ কৰি ফোঁপজহ মৰাতকৈ তৃণমূল পৰ্যায়ৰ বিশেষ সমস্যাবোৰ সমাধানৰ দিহা কৰক। আমাক এখন ৰাইট প্লেটফৰ্ম দিয়ক।
Comments
Post a Comment