Posts

Showing posts from December, 2022

আত্মালাপ

Image
#আত্মালাপ [আত্মালাপ মোৰ কিছু অনুভৱৰ এক ক্ৰম। ইয়াক লিপিবদ্ধ কৰি ৰাখি গৈছোঁ। কেতিয়াবা কেতিয়াবা মনৰ সৈতে, বিবেকৰ সৈতে অথবা হৃদয়ৰ সৈতে নিজৰেই কোনো এক সত্বাই কৰা ভাৱ বিনিময়ৰ লিখিত দলিল এই ক্ৰমিক ধাৰাটি। ইয়াৰে বহু কথা হয়তো আন বহুতৰ জীৱনটো প্ৰাসংগিক আনহাতে বহুতো আকৌ অপ্ৰাসংগিক। অৱশ্যেই কাৰোবাৰ জীৱনাদৰ্শক প্ৰতিষ্ঠা কৰিবলৈ এই অনুভৱবোৰ লিপিৱদ্ধ কৰা নাই। যদি কিবা সংযোগ ঘটিছেও সেয়া নিশ্চিতভাৱে কাকতলীয়। জীৱন জিন্দাবাদত মূলতঃ কোনো এক পৰিস্থিতি বা সংঘটনক মোৰ সত্বাই কিদৰে বিশ্লেষণ কৰিব খোজে তাকহে লিপিবদ্ধ কৰি গৈছোঁ। এই লেখাৰ আঁৰত ভাতৃপ্ৰতীম মনোজ, বন্ধু বসন্ত আৰু দাদা বিজু সেনাপতিৰ উত্সাহৰ কথা অস্বীকাৰ কৰিব নোৱাৰোঁ।] ------ ধ্ৰুৱ (১) আজি পুৱাই মই মোৰ আবেগ আৰু বিবেকক মাতি ক'লো, "তোমালোক দুয়ো বজাৰলৈ যোৱা আৰু মোলৈ শ্ৰেষ্ঠ উপহাৰটি কিনি আনাগৈ।" দিনান্তত সুন্দৰভাৱে সজাই তোলা দুটা উপহাৰৰ টোপোলা লৈ দুয়ো হাজিৰ হ'ল। অতি আকৰ্ষণীয় ৰঙীন কাগজেৰে ফুলামকৈ অনা আবেগৰ টোপোলাটো খুলি চাই দেখিলোঁ এটা হৃদয় আকৃতিৰ বেলুন। খবৰ-কাগজেৰে মেৰিয়াই বিবেকে অনা অনাড়ম্বৰ টোপোলাটো খুলি পালো এখন দাপোন। নিজকে চাই চা...