Posts

অঁ, স্বীকাৰ্য্য

[আগকথাঃ জীৱনত আমি বহু ভুল কৰোঁ। কেতিয়াবা অজানিতে, কেতিয়াবা চিন্তাৰ অপৰিপক্কতাৰ বাবে, কেতিয়াবা পৰিৱেশৰ দাস হৈ, কেতিয়াবা সঠিক সিধান্ত ল'ব নোৱাৰাৰ জহত। কাৰণ যিয়েই নহওক লাগে, ভুল ভুলেই। ই জীৱনৰ সমীকৰণকেই সলনি কৰি দিয়ে। ভৱিষ্যতৰ কোনো সময়ত এই ভুলৰ অনুশোচনা হয় যদিও তাক ওভোতাই শুদ্ধ কৰি লোৱাৰ সময় বা পৰিৱেশ অথবা দুয়োটাই একেবাৰেই নাথাকে। কিছুমান ভুল; যি ভুলৰ বাবে আপুনি বা মই আজিও ভাবোঁ যে, সেই সময়ত সঠিক সিধান্ত এটা ল'ব পৰা হ'লে হয়তো আজি জীৱনত আন এক সফলতাৰ সুখপ্ৰাপ্তি কৰিব পাৰিলোহেঁতেন বুলি আমি আজিও বিশ্বাস কৰোঁ, তেনে কিছুমান ভুলৰ স্মৃতি ৰোমন্থনে কোনো অনুজ পঢ়ুৱৈৰ জীৱনত তেনে পৰিস্থিতিত সঠিত সিধান্ত ল'বলৈ সুবিধা হয় বুলিয়েই এই অঁ-স্বীকাৰ্য্যৰ আখৰা আৰম্ভ কৰিছোঁ।] (১)               আমি যি সময়ত হাইস্কুলত পঢ়িছিলোঁ তেনে সময়ত আমাৰ বাবে পৃথিৱীখন কল্পনাতীতভাবে বিশাল হোৱাৰ পৰিবৰ্তে আমাৰ নিজৰ পৃথিৱীখন ক্ষুদ্ৰ ধূলিকণা হেন আছিল। সঠিক পথৰ সন্ধান পোৱা নাছিলোঁ। মেধা ছাত্ৰৰ সংজ্ঞা আছিল শ্ৰেণীকক্ষৰ প্ৰথম ৰোল নাম্বাৰৰ গৰাকী হোৱা। মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিল যে উচ্চ মাধ্যমিক ব...

পোনা চাৰৰ অহংকাৰ

 পোনা চাৰৰ অহংকাৰ ✐ধ্ৰুৱজ্যোতি তামুলী আত্মসন্মান আৰু আত্ম অহংকাৰৰ মাজত এটা বিৰাট পাৰ্থক্য থাকিলেও দুয়োটাই সমানেই প্ৰয়োজনীয়। মঞ্চৰ সন্মুখত অতিথিসকলৰ মাজত আসন গ্ৰহণ কৰি থাকি পোনা চাৰে এই কথাষাৰকেই ভাবি আছে। আজিৰ তেওঁৰ বিদায় সভাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ চাৰিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰৰ লগতে বিদ্যালয়ৰ কেইজনমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকো সফল ব্যক্তি হিচাপে সম্বৰ্ধনা জনোৱা হৈছে। সেই সম্বৰ্ধিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ তালিকাখনত পিছে তেওঁৰে পাঁচজন প্ৰিয় ছাত্ৰ-ছাত্ৰী ঋতু, নীলপৱন, ৰাঘৱ, অজিত আৰু দীপকৰ নাম নাই। কিয়নো সিহঁত অধ্যাপক, অভিযন্তা আনহে নালাগে আন কোনো বিভাগৰেই চতুৰ্থ শ্ৰেণীৰ চাকৰিয়ালো হ'ব নোৱাৰিলে। সিহঁত শিক্ষক হ'ল। শিক্ষকৰ দৃষ্টিত শিক্ষক হোৱাটো কি ধৰণৰ সফলতা..? পোনা চাৰ। আচল নাম গোলাপ শইকীয়া। গাঁৱৰে উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ইংৰাজী বিষয়ৰ শিক্ষক। গাঁৱলীয়া নাম পোনা, সকলোৱে পোনা চাৰ বুলিয়েই মাতে। কেৱল বিদ্যালয় অথবা গাঁওখনতেই নহয়, ২০-২৫ খন গাঁৱৰ বহুকেইখন বিদ্যালয়ৰ ইংৰাজী শিক্ষকসকলৰ মাজত সু-শিক্ষক হিচাপে তেখেতৰ ভাল নাম আছে। আজিৰ অনুষ্ঠানত যোৱা বছৰৰ বহাগী উত্সৱৰ সময়ত ...

আত্মালাপ

Image
#আত্মালাপ [আত্মালাপ মোৰ কিছু অনুভৱৰ এক ক্ৰম। ইয়াক লিপিবদ্ধ কৰি ৰাখি গৈছোঁ। কেতিয়াবা কেতিয়াবা মনৰ সৈতে, বিবেকৰ সৈতে অথবা হৃদয়ৰ সৈতে নিজৰেই কোনো এক সত্বাই কৰা ভাৱ বিনিময়ৰ লিখিত দলিল এই ক্ৰমিক ধাৰাটি। ইয়াৰে বহু কথা হয়তো আন বহুতৰ জীৱনটো প্ৰাসংগিক আনহাতে বহুতো আকৌ অপ্ৰাসংগিক। অৱশ্যেই কাৰোবাৰ জীৱনাদৰ্শক প্ৰতিষ্ঠা কৰিবলৈ এই অনুভৱবোৰ লিপিৱদ্ধ কৰা নাই। যদি কিবা সংযোগ ঘটিছেও সেয়া নিশ্চিতভাৱে কাকতলীয়। জীৱন জিন্দাবাদত মূলতঃ কোনো এক পৰিস্থিতি বা সংঘটনক মোৰ সত্বাই কিদৰে বিশ্লেষণ কৰিব খোজে তাকহে লিপিবদ্ধ কৰি গৈছোঁ। এই লেখাৰ আঁৰত ভাতৃপ্ৰতীম মনোজ, বন্ধু বসন্ত আৰু দাদা বিজু সেনাপতিৰ উত্সাহৰ কথা অস্বীকাৰ কৰিব নোৱাৰোঁ।] ------ ধ্ৰুৱ (১) আজি পুৱাই মই মোৰ আবেগ আৰু বিবেকক মাতি ক'লো, "তোমালোক দুয়ো বজাৰলৈ যোৱা আৰু মোলৈ শ্ৰেষ্ঠ উপহাৰটি কিনি আনাগৈ।" দিনান্তত সুন্দৰভাৱে সজাই তোলা দুটা উপহাৰৰ টোপোলা লৈ দুয়ো হাজিৰ হ'ল। অতি আকৰ্ষণীয় ৰঙীন কাগজেৰে ফুলামকৈ অনা আবেগৰ টোপোলাটো খুলি চাই দেখিলোঁ এটা হৃদয় আকৃতিৰ বেলুন। খবৰ-কাগজেৰে মেৰিয়াই বিবেকে অনা অনাড়ম্বৰ টোপোলাটো খুলি পালো এখন দাপোন। নিজকে চাই চা...

ৰাইট প্লেটফৰ্ম কোনখন ?

#ৰাইট_প্লেটফৰ্ম_কোনখন ?  পেচাত মই এজন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। আজি অলপদিনৰ আগলৈকে এজনীয়া শিক্ষকৰূপে কৰ্মৰত। অপ্ৰিয় হ'লেও সত্য যে বিভাগীয় ব্যৱস্থাপনাৰ অভাৱ আৰু চৰকাৰৰ অনীহাৰ বাবেই এতিয়াও বহু বিদ্যালয় এজনীয়া শিক্ষকৰে চলাই থকাৰ বিপৰীতে এনেকুৱা বিদ্যালয়ো হয়তো বিচাৰিলে ওলাব য'ত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় সমান। আচল কথোটালৈ আহো।  কথাবোৰ এনেকুৱা -- ১) বিভিন্ন আঁচনি, বিভিন্ন পৰিকল্পনা আদিৰ বিষয়ে হোৱা প্ৰশিক্ষণসমূহত প্ৰাথমিক শিক্ষক সমাজৰ পৰা অহা প্ৰথম অভিযোগটো হ'ল শ্ৰেণী অনুসৰি শিক্ষক নহ'লে অথবা প্ৰয়োজনীয় ন্যূনতম সংখ্যাৰ শিক্ষক নহ'লে এনে পৰিকল্পনাৰে আগবঢ়া সম্ভৱ নহয়, মানে অসম্ভৱ। বহু সময়ত আৰম্ভণিতেই এনে নঞাৰ্থক বাৰ্তাৰে সমগ্ৰ বাতাবৰণটোকে নষ্ট কৰি দিয়াৰো উদাহৰণ নোহোৱা নহয়। কিন্তু এই ক্ষেত্ৰটো সংগঠক সকলে এটাই উত্তৰ দিয়ে --- This is not the right platform to discuss this type of problem. এইটোৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। ২) প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক(Head Master) নাই, অথচ  এজন সব্যসাচী মানুহ আছে  যিজনে শিক্ষকৰ দৰে পাঠদান কৰিবও পাৰে, এজন অভিজ্ঞ তথা ...