পোনা চাৰৰ অহংকাৰ
পোনা চাৰৰ অহংকাৰ
✐ধ্ৰুৱজ্যোতি তামুলী
আত্মসন্মান আৰু আত্ম অহংকাৰৰ মাজত এটা বিৰাট পাৰ্থক্য থাকিলেও দুয়োটাই সমানেই প্ৰয়োজনীয়। মঞ্চৰ সন্মুখত অতিথিসকলৰ মাজত আসন গ্ৰহণ কৰি থাকি পোনা চাৰে এই কথাষাৰকেই ভাবি আছে। আজিৰ তেওঁৰ বিদায় সভাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ চাৰিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰৰ লগতে বিদ্যালয়ৰ কেইজনমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকো সফল ব্যক্তি হিচাপে সম্বৰ্ধনা জনোৱা হৈছে। সেই সম্বৰ্ধিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ তালিকাখনত পিছে তেওঁৰে পাঁচজন প্ৰিয় ছাত্ৰ-ছাত্ৰী ঋতু, নীলপৱন, ৰাঘৱ, অজিত আৰু দীপকৰ নাম নাই। কিয়নো সিহঁত অধ্যাপক, অভিযন্তা আনহে নালাগে আন কোনো বিভাগৰেই চতুৰ্থ শ্ৰেণীৰ চাকৰিয়ালো হ'ব নোৱাৰিলে। সিহঁত শিক্ষক হ'ল। শিক্ষকৰ দৃষ্টিত শিক্ষক হোৱাটো কি ধৰণৰ সফলতা..?
পোনা চাৰ। আচল নাম গোলাপ শইকীয়া। গাঁৱৰে উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ইংৰাজী বিষয়ৰ শিক্ষক। গাঁৱলীয়া নাম পোনা, সকলোৱে পোনা চাৰ বুলিয়েই মাতে। কেৱল বিদ্যালয় অথবা গাঁওখনতেই নহয়, ২০-২৫ খন গাঁৱৰ বহুকেইখন বিদ্যালয়ৰ ইংৰাজী শিক্ষকসকলৰ মাজত সু-শিক্ষক হিচাপে তেখেতৰ ভাল নাম আছে। আজিৰ অনুষ্ঠানত যোৱা বছৰৰ বহাগী উত্সৱৰ সময়ত গাঁৱত অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানটোৰ কথা বাৰে বাৰে তেওঁৰ মনলৈ আহিল ---
"পিতৃ হিচাপে আজি তেওঁ সুখী। তেওঁৰ সন্মুখতেই তেওঁৰ জ্যেষ্ঠকন্যা বৃষ্টিক গাঁৱৰ যুৱকসকলে বিহুমঞ্চত সম্বৰ্ধনা জনাইছে। পিতৃৰ সন্মুখত পুত্ৰীৰ বন্দনা -- ইয়াতকৈ সুখৰ কথা কি থাকিব পাৰে? তেওঁৰ জ্যেষ্ঠ কন্যা বৃষ্টিয়ে বিদ্যুত বিতৰণ বিভাগত কণিষ্ঠ অভিযন্তা হিচাপে অলপতে নিযুক্তি পাইছে। প্ৰায় সমবয়সীয়া গাঁৱৰ যুৱক-যুৱতী সকলে বহাগী উত্সৱৰ বৰবিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰটো দান দিবলৈ বৃষ্টিক এক প্ৰকাৰৰ দাবী জনালেহি। যিহেতু পিতৃ জীয়াই আছে গতিকে মৃত আইতাকৰ সোঁৱৰণতেই পুৰস্কাৰৰ ধন ৫০০০ টকা দিব লাগে। পিতৃৰ অনুমতিক্ৰমে বৃষ্টিয়ে সেই অনুদান আগবঢ়ালে। বিহুমঞ্চত বৃষ্টিক সম্বৰ্ধনা জনোৱা হ'ল। এইখিনিলৈকে ঠিকেই আছিল। তাৰ পাছতো সম্বৰ্ধিত ব্যক্তিৰ এখন দীঘল তালিকা। তালিকাত নাম সেইসকলৰেই আছে যিসকলে পুৰস্কাৰ অথবা মোটা অংকৰ টকা পইচা দান হিচাপে আগবঢ়ালে।"
"কিন্তু......! এটা বিৰাট শূন্যতাই তেওঁৰ মন মগজুক আক্ৰান্ত কৰি তুলিলে। এই সম্বৰ্ধনা অনুষ্ঠানত উপেক্ষিত হৈ ৰ'ল কোন? তেওঁ -- যি কেৱল গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ চিন্তা কৰিয়েই অধিকাংশ সময় পাৰ কৰিলে। যি বৃষ্টি, ৰাম, দীপক, ঋতু, নীলপৱন, জীৱন্ত, অজিত, প্ৰদীপৰ দৰে বহুতো সফল ছাত্ৰ-ছাত্ৰীৰ সৃষ্টি কৰিলে। বিদ্যালয় ছুটীৰ পাছতো অতিৰিক্ত সময় পাঠদান কৰিলে। যি কোনো দিনেই কাৰো পৰা অতিৰিক্ত ধন নোলোৱাকৈয়ে মেধা ছাত্ৰ-ছাত্ৰীকেইজনক নিজৰ ঘৰত ব্যক্তিগত টিউশ্ব্যনৰ দৰে পাঠদানেৰে সহায় কৰিলে। আৰু উপেক্ষিত হৈ থাকি গ'ল গোবিন্দ বৰুৱা, দেৱানন্দ ভৰালী, দেবিৰাম কলিতা, জিতেন্দ্ৰ কলিতা, বিনন্দ হাজৰিকা আদি শিক্ষকসকল। কাৰণ এটাই - তেওঁলোক শিক্ষক। (তেওঁলোক সমাজত নামজ্বলা সফল ব্যক্তি নহয়।)"
আজিৰ বিদ্যালয়ৰ অনুষ্ঠানটোতো একেই ঘটনাৰ পুনৰাবৃত্তি হ'ল। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কাকো সফল হিচাপে চিনাকী কৰি দিয়া নহল -- যিকেইজনে শিক্ষকতা বৃত্তিক নিজৰ কৰি লৈ দিহিঙে দিপাঙে সমাজ গঢ়াৰ খনিকৰ হৈ কাম কৰি আছে। তেওঁলোককো চিনাকী কৰি দিয়া নহ'ল - যিকেইজনে স্ব-নিৰ্ভৰশীলতাৰে সংস্থাপিত হৈছে অথবা উদ্যমিতাৰে নিজৰ লগতে বহুকেইজনক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। চৰকাৰী চাকৰি নকৰিলেও বিশ্ববিদ্যালয়ৰ সোণৰ পদক পাবলৈ সক্ষম হোৱা বৰ্তমান বহুজাতিক কোম্পানীৰ সন্মানীয় আসন অলংকৃত কৰি থকা প্ৰদীপকো চিনাকী কৰাই দিয়া নহ'ল। লোকৰ ঘৰত বন কৰি পঢ়া, নিজে নোৱাৰিলেও নিজৰ পুত্ৰক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ কৰিব পৰা অজিতৰ উচ্চস্তৰীয় চিন্তাধাৰাকো চিনাকী কৰাই দিয়া নহ'ল।
গোলাপ শইকীয়াই আজি অনুভৱ কৰিলে। "শিক্ষকতা মহান বৃত্তি" কথাষাৰ কোৱা হয় যদিও শিক্ষকসকলেই মানি নলয় নেকি? নিজেই যদি নিজকে সন্মান দিব নাজানো আনৰ পৰা সন্মান পোৱা সম্ভৱনে? বিদ্যালয়ত পাঠদানৰ উপৰিও যেতিয়াই কোনো মনস্তাত্বিক বক্তৃতা দিয়া হয় -- তেতিয়া কোৱা "সফলতা মানে কেৱল চৰকাৰী চাকৰি নহয়" কথাষাৰ আৰু আজিৰ বাস্তৱ অভিজ্ঞতা দুয়োটাৰে দেখোন অলপো মিল নাই। ছাত্ৰ-ছাত্ৰীসকলক দিয়া মৌখিক উপদেশ আৰু আজিৰ সম্বৰ্ধনা অনুষ্ঠানত দেখুওৱা আৰ্হি দুয়োটাৰে মাজত দেখোন অলেখ তফাত্ । তেনেহ'লে -- ছাত্ৰ-ছাত্ৰী সকলে কি মানিব? উপদেশ ভাল, নে আৰ্হি ভাল!
পোনাচাৰে আৰু ৰৈ থাকিব নোৱাৰিলে। তেওঁৰ বিদায় সম্বৰ্ধনা সভাত উপস্থিত থকা তেওঁৰেই প্ৰিয় ছাত্ৰ-ছাত্ৰী তথা বৰ্তমানৰ একোজন শিক্ষক নীলপৱন, দীপক আৰু ঋতুক আজিৰ সম্বৰ্ধনাত লাভ কৰা সামগ্ৰীসমূহৰ পৰা চেলেংখন, গামোচা এখন আৰু কিতাপখন উপহাৰ স্বৰূপে দিলে। মাইকটোৰ সন্মুখত ৰৈ তেওঁ সদম্ভে ঘোষণা কৰিলে.... আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ বৰা বহুজনে সফলতা অৰ্জন কৰিছে যদিও, শিক্ষকতাৰ দৰে কম উপাৰ্জনৰ সন্মানীয় চাকৰি এটি কৰিবলৈ সাহস কৰা ইহঁতৰ দৰে কেইজন প্ৰকৃতাৰ্থত অধিক সফল। ইহঁতে আমাৰ পথ অনুকৰণ কৰি আমাকো গৌৰৱাম্বিত কৰিছে। মই আজি গৰ্বিত। আজি মই যি অহংকাৰ কৰিছোঁ, সেয়া মোৰ দৰে প্ৰতিজন স্বাভিমানী শিক্ষকৰে অলংকাৰ। --- তেওঁ বৈ অহা চকুলোৰ শ্ৰোত খিনিক ভেটি ৰাখিব নোৱাৰিলে। পোনা চাৰে হুকহুকাই কান্দি চকীখনত বহি দিলে।
Comments
Post a Comment