পোনা চাৰৰ অহংকাৰ
পোনা চাৰৰ অহংকাৰ ✐ধ্ৰুৱজ্যোতি তামুলী আত্মসন্মান আৰু আত্ম অহংকাৰৰ মাজত এটা বিৰাট পাৰ্থক্য থাকিলেও দুয়োটাই সমানেই প্ৰয়োজনীয়। মঞ্চৰ সন্মুখত অতিথিসকলৰ মাজত আসন গ্ৰহণ কৰি থাকি পোনা চাৰে এই কথাষাৰকেই ভাবি আছে। আজিৰ তেওঁৰ বিদায় সভাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ চাৰিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰৰ লগতে বিদ্যালয়ৰ কেইজনমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকো সফল ব্যক্তি হিচাপে সম্বৰ্ধনা জনোৱা হৈছে। সেই সম্বৰ্ধিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ তালিকাখনত পিছে তেওঁৰে পাঁচজন প্ৰিয় ছাত্ৰ-ছাত্ৰী ঋতু, নীলপৱন, ৰাঘৱ, অজিত আৰু দীপকৰ নাম নাই। কিয়নো সিহঁত অধ্যাপক, অভিযন্তা আনহে নালাগে আন কোনো বিভাগৰেই চতুৰ্থ শ্ৰেণীৰ চাকৰিয়ালো হ'ব নোৱাৰিলে। সিহঁত শিক্ষক হ'ল। শিক্ষকৰ দৃষ্টিত শিক্ষক হোৱাটো কি ধৰণৰ সফলতা..? পোনা চাৰ। আচল নাম গোলাপ শইকীয়া। গাঁৱৰে উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ইংৰাজী বিষয়ৰ শিক্ষক। গাঁৱলীয়া নাম পোনা, সকলোৱে পোনা চাৰ বুলিয়েই মাতে। কেৱল বিদ্যালয় অথবা গাঁওখনতেই নহয়, ২০-২৫ খন গাঁৱৰ বহুকেইখন বিদ্যালয়ৰ ইংৰাজী শিক্ষকসকলৰ মাজত সু-শিক্ষক হিচাপে তেখেতৰ ভাল নাম আছে। আজিৰ অনুষ্ঠানত যোৱা বছৰৰ বহাগী উত্সৱৰ সময়ত ...