আত্মালাপ


#আত্মালাপ

[আত্মালাপ মোৰ কিছু অনুভৱৰ এক ক্ৰম। ইয়াক লিপিবদ্ধ কৰি ৰাখি গৈছোঁ। কেতিয়াবা কেতিয়াবা মনৰ সৈতে, বিবেকৰ সৈতে অথবা হৃদয়ৰ সৈতে নিজৰেই কোনো এক সত্বাই কৰা ভাৱ বিনিময়ৰ লিখিত দলিল এই ক্ৰমিক ধাৰাটি। ইয়াৰে বহু কথা হয়তো আন বহুতৰ জীৱনটো প্ৰাসংগিক আনহাতে বহুতো আকৌ অপ্ৰাসংগিক। অৱশ্যেই কাৰোবাৰ জীৱনাদৰ্শক প্ৰতিষ্ঠা কৰিবলৈ এই অনুভৱবোৰ লিপিৱদ্ধ কৰা নাই। যদি কিবা সংযোগ ঘটিছেও সেয়া নিশ্চিতভাৱে কাকতলীয়। জীৱন জিন্দাবাদত মূলতঃ কোনো এক পৰিস্থিতি বা সংঘটনক মোৰ সত্বাই কিদৰে বিশ্লেষণ কৰিব খোজে তাকহে লিপিবদ্ধ কৰি গৈছোঁ। এই লেখাৰ আঁৰত ভাতৃপ্ৰতীম মনোজ, বন্ধু বসন্ত আৰু দাদা বিজু সেনাপতিৰ উত্সাহৰ কথা অস্বীকাৰ কৰিব নোৱাৰোঁ।] ------ ধ্ৰুৱ


(১)

আজি পুৱাই মই মোৰ আবেগ আৰু বিবেকক মাতি ক'লো, "তোমালোক দুয়ো বজাৰলৈ যোৱা আৰু মোলৈ শ্ৰেষ্ঠ উপহাৰটি কিনি আনাগৈ।"
দিনান্তত সুন্দৰভাৱে সজাই তোলা দুটা উপহাৰৰ টোপোলা লৈ দুয়ো হাজিৰ হ'ল। অতি আকৰ্ষণীয় ৰঙীন কাগজেৰে ফুলামকৈ অনা আবেগৰ টোপোলাটো খুলি চাই দেখিলোঁ এটা হৃদয় আকৃতিৰ বেলুন। খবৰ-কাগজেৰে মেৰিয়াই বিবেকে অনা অনাড়ম্বৰ টোপোলাটো খুলি পালো এখন দাপোন। নিজকে চাই চাই বিভোৰ হোৱাৰ পৰত বেলুনটো কেতিয়া ফুটিল মই গমেই নাপালো!

✍ধ্ৰুৱজ্যোতি তামুলী (০১-০৫-২০২২)


(২)
বৰষুণজাকে পানীচোলাৰ চিলাই ভেদি হৃদয়খন ভিজাই পেলোৱাৰ বতৰ এটাত, সিক্ততাত জৰাজীৰ্ণ হৈ কলিজা ঢকা কাগজবোৰ এখিলা এখিলাকৈ এৰাই গ'ল। মই লাহেকৈ জুমি চালো, জীয়াই থকাৰ ঝংকাৰ তোলা সিৰা বুলি যাক মই অতদিনে ভুল কৰি আহিছিলোঁ, সেইবোৰ আচলতে এচাৰিৰে বচা কেঁহেৰাজ বৰণীয়া চেৰা-ফুল

✍ধ্ৰুৱজ্যোতি তামুলী (০২-০৫-২০২২)

(৩)
ৰাতিপুৱাই মোৰ এটা সত্বাই মোক প্ৰশ্ন কৰিলে, "প্ৰতিবাৰেই বিপদত পৰিলে বা অসুখত ভুগিলে তোমাক আনন্দিত হোৱা দেখো কিয়?"
মই মিচিকিয়াই ক'লোঁ - "বিপদে নিজক চিনিবলৈ আৰু অসুখে আত্মীয়ক চিনিবলৈ সুযোগ দিয়ে। সৰ্বতোপৰি দুয়োটাৰে মিল হ'ল দুয়োটাই কেৱল বাস্তৱৰ মুখামুখি হ'বলৈ শিকায়।"

✍ধ্ৰুৱজ্যোতি তামুলী (০৫-০৫-২০২২)

(৪)
জীৱনে মোক প্ৰশ্ন কৰিলেঃ বাৰে প্ৰতি মিছা বুলি প্ৰমাণিত হোৱাৰ পাছতো তুমি সেই মানুহজনৰ কথা কিয় বিশ্বাস কৰা? তেওঁটো নিপুণ অভিনেতাও নহয়।
মই ক'লোঃ আচলতে মই তেওঁৰ কথা বিশ্বাস নকৰোঁ। তেওঁলৈ মোৰ যি আস্থা আছে, সেইটো অক্ষুণ্ণ ৰাখিবলৈ তেওঁৰ যি কাতৰ প্ৰয়াস, সেয়াহে মোৰ আনন্দৰ কাৰণ। মোৰ মুখত বিশ্বাসৰ মিচিকিয়া হাঁহিটো দেখিবলৈ জানো কম কষ্ট কৰি বলে নোৱাৰা অভিনয়ৰ ভাৰ কান্ধত ল'ব খোজে! মই তেওঁক হতাশ কৰিবও নোৱাৰোঁ। তেওঁটো এইটোও বুজি নাপায় যে আপোন হৃদয়ৰ সন্মুখত সকলো নগ্ন। নিপুণ অভিনেতাও।
✍ধ্ৰুৱজ্যোতি তামুলী (১০-০৫-২০২২)


(৫)
এজন বন্ধুৱে মোক ক'লে ঘৰটো বৰ আটোমটোকাৰিকৈ সাজিলা, কিন্ত্ত ঈশ্বৰ উপাসনাৰ বাবে এটা মন্দিৰ, আনকি সৰুকৈ কোঠা এটাও নাসাজিলা।
মই ঘৰটোৰ আটাইতকৈ সুন্দৰ, স্বাচ্ছন্দ্য কোঠাটোৰ দুৱাৰখন খুলি দিলোঁ।
বন্ধুৱে ক'লে, "এয়া দেখোন তোমাৰ বৃদ্ধ মা-দেউতাৰ কোঠাহে। দুৱাৰমুখত বাৰু ঈশ্বৰৰ ফটো এখন ৰাখিছা।কিন্তু ..."
বন্ধুৰ কথা থপিয়াই মই মাথোন ক'লো, "এইটো কোঠা সজাৰ পাছত নকৈ এটা মন্দিৰ সাজিবলৈ মোৰ প্ৰয়োজন বা ইচ্ছা দুয়োটাই শেষ হ'ল।"
✍ধ্ৰুৱজ্যোতি তামুলী(১১-০৫-২০২২)

(৬)
তেজতকৈও ৰঙা হৈ ফুলা কৃষ্ণচূড়াজোপাই ছাতি মেলা বাটটোৰ কাষৰ কদৰ্য নলাটোৱে কৃষ্ণচূড়াজোপাক ক'লে, "তুমি বছৰত মাত্ৰ তিনিমাহ মাহ ফুলিয়েই মানুহবোৰক উদ্বাউল কৰি তোলা। অথচ প্ৰতিটো পল অনুপল কেৱল লেতেৰাবোৰৰ ভাৰ বৈ বৈ মই ইমান কষ্ট কৰোঁ যদিও মোৰ কোনো আদৰ নাই।"
কৃষ্ণচূড়াজোপাই উত্তৰ দিলে, "ভুল ভাবিছা বন্ধু। তোমাৰ প্ৰয়োজনীয়তা আছে বাবেই তোমাৰ অস্তিত্বও আছে। কিন্তু, মানুহ ৰঙৰ প্ৰতি অতি দুৰ্বল। ৰঙত ডুবিবলৈ পালে সমস্ত সত্যক আওকাণ কৰি সেই ৰসস্বাদন কৰিব জানে। মোৰ অস্তিত্ব মাথো তিনিমাহ। কিন্ত্ত অত্যন্ত অপ্ৰয়োজনীয় সময়খিনিতো কেৱল তোমাৰ প্ৰয়োজনীয়তাক সকলোৱে উপলব্ধি কৰে।
✍ধ্ৰুৱজ্যোতি তামুলী(১৩-০৫-২০২২)


(৭)
নদীখনে জোনাকক প্ৰশ্ন কৰিলে, "বহুদিন হ'ল তুমি মোৰ উন্মাদনাত ঢৌ খেলি নচা নাই। কিয়?"
জোনাকে চিৰউদ্ভাসিত মিচিকনিটোৰে উত্তৰ দিলে, "আচলতে সখী, মোৰ উপস্থিতিত তুমি অনাহকত শান্ত হৈ পৰা। মই এতিয়াও তোমাৰ প্ৰেমত আগৰ দৰেই আতুৰ। কিন্তু তুমি যেন স্ৰোতস্বিনী নহৈ এটি শান্ত পুখুৰী, য'ত নাহাঁহে এজাক খিলখিল বতাহ।"
✍️ধ্ৰুৱজ্যোতি তামুলী(০৭-০৭-২০২২)


(৮)
টোপ টোপকৈ পৰি থকা নিয়ৰৰ টোপালটোক উদ্দেশ্য কৰি শিলচপৰাই ক'লে, "মোক ধ্বংস কৰাৰ বৃথা প্ৰয়াস কিয় কৰা ভাই। ইমান ক্ষুদ্ৰ আঘাটেৰে তলাব নোৱাৰা মোক।"
নিয়ৰ টোপালে উত্তৰ দিলে, "তোমাক ক্ষয় কৰাৰ উদ্দেশ্য মোৰ একেবাৰেই নাই। মই মাথোন মোৰ কৰ্ম কৰি গৈছোঁ নিৰবধি। কৰ্মৰ আনন্দ উপলব্ধিহে মূল, ফলপ্ৰাপ্তি নহয়।"
বছৰচেৰেকৰ পাছত শিলটুকুৰাত হাতুৰীৰ কোব দি মিস্ত্ৰীজনে সহযোগীজনক কোৱা দুয়োয়েই শুনিলে, "সদায় পানী পৰি পৰি কোমল হোৱাৰ বাবেহে ইমান ডাঙৰ শিলচপৰাও একেকোবতেই টুকুৰা টুকুৰ হৈ গ'ল।"

✍️ধ্ৰুৱজ্যোতি তামুলী (১৫-০৭-২০২২)


(৯)
আজি পুৱাৰ আড্ডাত মোৰ আৱেগে বিবেক আৰু দম্ভক উদ্দেশ্যি ক'লে, "পৃথিৱীখনত সকলো স্বাৰ্থপৰ। মই আনৰ দুখত দুখী, আনৰ সুখত সুখী। অথচ মোৰ প্ৰতি কাৰো অলপো আগ্ৰহ নাই।"
দম্ভই স্বভাৱজাত ভঙ্গিমাৰে ক'লে, "সেইটোৱেই সঁচা। সেইকাৰণে মই কাৰো ওচৰত হাত নাপাতো। আনৰ ওচৰত সৰু হোৱাৰ ইচ্ছা মোৰ নাই। মোৰ একোৰেই অভাৱ নাই।"
তেনেতে বিবেকে সিহঁতক যি প্ৰশ্ন কৰিলে, তাৰ উত্তৰত সিহঁতৰ জাপ নোখোৱা ওঁঠযুৰিলৈ চাই মই বিবেকক সুধিলো, "তুমিনো কি সুধিলা?"
"মই সিহঁতক মাথোঁ নিজৰ সৈতে চিনাকী কৰোৱাই দিলোঁ।", বিবেকে ক'লে, "মই মাথোন সুধিলোঁ, তুমিনো কোন? কি আছে তোমাৰ?"
বিবেকৰ প্ৰশ্ন শুনি মইও মৌন হৈ পৰিলোঁ। নিজকেই সুধিলোঁ প্ৰশ্নকেইটা।
✍️ধ্ৰুৱজ্যোতি তামুলী (১৩/০৯/২০২২)


(১০)
বহুদিনৰ মূৰত আজি আকৌ মোৰ অতি প্ৰিয় আন্তৰিক সত্বাবোৰ আড্ডাত বহিল।
প্ৰথম সত্বাই ক'লে, "মই বৰ আবেগিক জানা বন্ধু। আবেগৰ কাৰণেই মই বহুবাৰ হতাশ হৈছোঁ, বহুবাৰ আনন্দত উত্ৰাৱল হৈছোঁ, বহুবাৰ প্ৰেমত পৰিছোঁ, বহুবাৰ মৃত্যুক সাৱটি ল'ব খুজিছোঁ। যদি মই তোমাৰ দৰে কেৱল বাস্তৱিক হ'লোঁহেতেন।"
দ্বিতীয় সত্বাই আপত্তি কৰি ক'লে, "নহয় বন্ধু, এই অতি বাস্তৱিক ধ্যান ধাৰণাবোৰৰ বাবেই মই সমাজৰ অপ্ৰিয়, মোৰ বন্ধুৰ সংখ্যা নগণ্য, মানুহে মোক নাস্তিক, ক্ৰূৰ বুলি বিদ্ৰূপ কৰে। মোৰ যদি তোমাৰ দৰেই আবেগ আকলুৱা মন এটা থাকিলহেঁতেন।"
দুয়োৰে দৰ্শনক অস্বীকাৰ কৰি তৃতীয় সত্বাই মাত লগালে, "তোমালোকে কিবা এটা এৰাই চলিচা বন্ধুহঁত।"
(১ম আৰু ২য় সত্বা একেলগে):- কি?
তৃতীয় সত্বাই ক'লে, "শুভ্ৰ কাগজখনত বগা ৰঙৰেই এটি ছবি আঁকিবলৈ যিদৰে ক'লা ৰঙৰ সীমাৰেখাৰ প্ৰয়োজন, ঠিক একেদৰেই, বাস্তৱক প্ৰতিষ্ঠা কৰিবলৈ আবেগৰ সীমাৰেখাডালৰো সমানেই প্ৰয়োজন। আচলতে ইটো সিটোৰ পৰিপূৰকহে।"
সিহঁতৰ এই আড্ডাৰ কথাবোৰ শুনি শুনি মইও আত্মবিভোৰ হৈ পৰিলোঁ।

✍️ধ্ৰুৱজ্যোতি তামুলী (২৮-১১-২০২২)


(১১)
আমি বাৰু সদায় নোপাৱা বস্তুবোৰ পাব খোজো নেকি? তৰা চুই চাব নোৱাৰা হেঁপাহটোৱে আমাক বাৰু বাৰে বাৰে কন্দুৱাই যায় নেকি? এনে হয়নে কেতিয়াবা আপুনি ভাবে- আপোনাক তেওঁ মাতষাৰ দিব..... কিন্তু তেওঁ নিদিয়ে! আপুনি আশা কৰে- আপুনি ভবাৰ ধৰণেই কথাবোৰ হ’ব.... কিন্তু নহয়! আপুনি বাট চাই- বৰষুণজাক আহিব..... কিন্তু নাহে! এইযে আমি পোৱাৰ প্ৰত্যাশা এটি বুকুত পুহি ৰাখি নোপোৱাৰ বাবে হতাশ হৈ যাওঁ....
আচল কথাটো হ’ল... তৰা চোৱাৰ হেঁপাহবোৰ নকৰিলেই হয় দেখোন। কিন্তু... এইটোও সঁচা যে কিছুমান তৰা বুকুৰ আপোন, তাক চুই চোৱাৰ হেঁপাহবোৰ সামৰি জাপি কুচি পেৰাত ভৰাই ৰাখিব নোৱাৰি!

✍ধ্ৰুৱজ্যোতি তামুলী (২৪-১২-২০২৪)

(১২)
বাৰে বাৰে বিশ্বাসঘাটকতাৰ সন্মুখীন হোৱাৰ পাছতো মই হাঁহি থকা দেখি মোৰ এটি সত্ত্বাই বৰ আক্ৰোশেৰে কৈ উঠিল, “হেৰা! তোমাৰ আবেগ অনুভুতি একোৱেই নাই নেকি? অন্তৰ বা মগজু কিবা আছেনে তোমাৰ?”
সত্ত্বাটোৱে কিয় এনেকৈ ক’লে বুলি সুধিব খোজোতেই সি আকৌ মাত লগালে, “বাৰে প্ৰতি প্ৰয়োজনত ব্যৱহাৰ কৰি কাঠৰ পুতলাৰ দৰে তোমাক এলাগী কৰাৰ পাছতো তুমি প্ৰতিবাৰেই তেনে ব্যক্তিক কাষ চাপিবলৈ দিয়া কিয়?”
মোৰেই সত্ত্বা হোৱাৰ পাছতো তাৰ আবেগ প্ৰৱণতাতত মই আচৰিত নহৈ নোৱাৰিলোঁ।
তাক বুজনি দি ক’লো আচলতে ’প্ৰয়োজনৰ পৰা প্ৰিয়জন হোৱা যিমান টান তাতকৈও বহু টান প্ৰিয়জনৰ পৰা প্ৰয়োজন হ’বলৈ।’ আৰু প্ৰয়োজনবোৰ তেনেকুৱাই। অপ্ৰয়োজনত এলাগী হৈ থাকিলেও মনত এটি বিশ্বাস পুহি ৰাখে —— এদিন তাক ভালপোৱাজনে মনত পেলাবই পেলাব, নিস্বাৰ্থভাবে হওকেই বা নহওকেই…..।
সত্ত্বাটোৱে মোৰ কথা বুজি পালে বুলি মই নিশ্চিত হ’লোঁ; যেতিয়া সি ক’লে, “এৰা! বৰষুণত এৰাই চলিব নোৱাৰা ছাতিখনো দেখোন আমি বৰষুণ গ’লেই জঞ্জাল বুলি একাষৰীয়া কৰি ৰাখোঁ৷“

✍️ধ্ৰুৱজ্যোতি তামুলী (০৫/০১/২০২৫)

(১৩)
আন দিনবোৰৰ দৰেই আজিও আজৰি পাই মোৰ সত্ত্বাবোৰ আড্ডাত বহিল।
১ম সত্ত্বাঃ কোৱাচোন, তুমি সম্পৰ্কবোৰ কেনে হোৱাটো বিচাৰা? চেনীৰ দৰে নে নিমখৰ দৰে!
২য় সত্ত্বাঃ এইটো আকৌ কেনে প্ৰশ্ন? পৃথিৱীত হয়তো সকলোৱেই এটি মিঠা সম্পৰ্কৰেই আশা কৰে। গতিকে তোমাৰ প্ৰশ্নটো অমূলক।
১ম সত্ত্বাঃ নহয় বন্ধু! মই কিন্তু মোৰ সম্পৰ্কবোৰ নিমখৰ দৰে হোৱাটো বিচাৰো!
আচৰিত হৈ ২য় সত্ত্বাই ১ম সত্ত্বালৈ ৰ লাগি চাই ৰ’ল !!
১ম সত্ত্বাই আকৌ ক’লে, চেনী মিঠা৷ ইয়াক খাই ভাল লাগে যদিও ইয়াক এটা সময়ৰ পাছত সকলোৱেই অবজ্ঞা কৰে৷ অৱশ্যে চেনী নহ’লেও মানুহে সুন্দৰকৈ চলি যাব পাৰে৷
২য় সত্ত্বাঃ কিন্তু নিমখ...
১ম সত্ত্বাঃ নিমখ এনেকুৱা যে ইয়াক এৰি কোনো খাদ্য সুস্বাদু নহয়৷ আনহাতে অত্যাধিক মাত্ৰাত গ্ৰহণ কৰিবও নোৱাৰি৷ সমন্ধবোৰো তেনেকুৱাই হোৱা উচিৎ, সুপৰিমাপৰ অথচ মাত্ৰাধিক নোহোৱাৰ প্ৰতি সচেষ্ট ।

✍ধ্ৰুৱজ্যোতি তামুলী (০৫-০১-২০২৫)

Comments