অঁ, স্বীকাৰ্য্য
[আগকথাঃ জীৱনত আমি বহু ভুল কৰোঁ। কেতিয়াবা অজানিতে, কেতিয়াবা চিন্তাৰ অপৰিপক্কতাৰ বাবে, কেতিয়াবা পৰিৱেশৰ দাস হৈ, কেতিয়াবা সঠিক সিধান্ত ল'ব নোৱাৰাৰ জহত। কাৰণ যিয়েই নহওক লাগে, ভুল ভুলেই। ই জীৱনৰ সমীকৰণকেই সলনি কৰি দিয়ে। ভৱিষ্যতৰ কোনো সময়ত এই ভুলৰ অনুশোচনা হয় যদিও তাক ওভোতাই শুদ্ধ কৰি লোৱাৰ সময় বা পৰিৱেশ অথবা দুয়োটাই একেবাৰেই নাথাকে। কিছুমান ভুল; যি ভুলৰ বাবে আপুনি বা মই আজিও ভাবোঁ যে, সেই সময়ত সঠিক সিধান্ত এটা ল'ব পৰা হ'লে হয়তো আজি জীৱনত আন এক সফলতাৰ সুখপ্ৰাপ্তি কৰিব পাৰিলোহেঁতেন বুলি আমি আজিও বিশ্বাস কৰোঁ, তেনে কিছুমান ভুলৰ স্মৃতি ৰোমন্থনে কোনো অনুজ পঢ়ুৱৈৰ জীৱনত তেনে পৰিস্থিতিত সঠিত সিধান্ত ল'বলৈ সুবিধা হয় বুলিয়েই এই অঁ-স্বীকাৰ্য্যৰ আখৰা আৰম্ভ কৰিছোঁ।]
(১)
আমি যি সময়ত হাইস্কুলত পঢ়িছিলোঁ তেনে সময়ত আমাৰ বাবে পৃথিৱীখন কল্পনাতীতভাবে বিশাল হোৱাৰ পৰিবৰ্তে আমাৰ নিজৰ পৃথিৱীখন ক্ষুদ্ৰ ধূলিকণা হেন আছিল। সঠিক পথৰ সন্ধান পোৱা নাছিলোঁ। মেধা ছাত্ৰৰ সংজ্ঞা আছিল শ্ৰেণীকক্ষৰ প্ৰথম ৰোল নাম্বাৰৰ গৰাকী হোৱা। মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিল যে উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰাৰ সময়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ সময়লৈ মুঠ ১০জনতকৈও কম ছাত্ৰ-ছাত্ৰীহে মোৰ সমকক্ষ মেধা(!) আছিল। তাৰ ফলত কাছৰ লগত দৌৰি প্ৰথম হোৱাৰ দৰে মই মোৰ মেধাৰ অহংকাৰক অলংকাৰ বুলি ভুল কৰিছিলোঁ। এইযে মেধা ছাত্ৰ বুলি এটা নাম বিদ্যালয়ত অৰ্জন কৰিছিলোঁ তাত সাৰ পানী যোগাইছিল বিদ্যালয়ৰ শিক্ষাগুৰুসকলে মোক লৈ কৰা আশা -- সুদীৰ্ঘ ১৫ বছৰৰ পাছত মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ পাণ্ডৱ বৰ্জিত, বানেধোৱা এলেকাৰ একমাত্ৰ চৰকাৰী হাইস্কুলখনলৈ সুনাম কঢ়িয়াই আনিম। এই একেই আশা মোৰ অগ্ৰজ ৰাম দা আৰু মোৰ জেঠাইৰ ল'ৰা অনিল দাৰ সৈতেও গুৰুবৃন্দই কৰিছিল যদিও মই বিফল হোৱাৰ দৰেই দাদাহঁতেও তেখেতসকলৰ আশাত চেঁচাপানী ঢালিছিল। তেওঁলোকৰ মোৰ দৰে অহমিকা সৃষ্টি হৈছিল নাই নাজানো, কিন্তু মোৰ বিফলতাৰ কাৰণ যে অতি-বিশ্বাসৰ লতাই ছানি ধৰি নিঃশেষ কৰা আত্মবিশ্বাস সেয়া অতি সোনকালেই বুজিব পাৰিছিলোঁ। যেতিয়া উচ্চতৰ মাধ্যমিকত দৌৰত নমা আচল তীৰহেন গতিৰ শহাবোৰ লগ পাইছিলোঁ, তেওঁলোকৰ ক্ষিপ্ৰতাৰ আগত যে কাছই হৰুৱাব নোৱাৰে বুলি গপত গংগাটোপ হোৱা শহাটো মই সেয়া আৱিস্কাৰ কৰিবলৈ মোক বেছি সময় নালাগিল।
(২)
হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ কেইটামান নম্বৰৰ অভাৱত মোৰ প্ৰথম বিভাগ অৰ্জনৰ গৌৰৱ মষিমূৰ হ'ল। বিজ্ঞানত কম নম্বৰ পালোঁ যদিও সেই সময়ত ৫৫%ৰ অধিক নম্বৰ পাই দ্বিতীয় বিভাগ লাভ কৰা শিক্ষাৰ্থীসকলকো চোকা ছাত্ৰ আৰু চোকা ছাত্ৰ বুলিলেই বিজ্ঞান বিভাগত পঢ়াটো অঘোষিত বাধ্যতামূলক ধৰণৰ ধাৰণাটোক মইও অনাদৰ কৰিব পৰা নাছিলোঁ। যদিওবা মোৰ নম্বৰ তালিকাখন চাই বংশীখুড়াই (দেউতাৰ দদায়েকৰ পুতেক বংশীধৰ তামুলী) একমাত্ৰ দূৰদৰ্শিতাৰে মোক আৰু দেউতাক কৈছিল যিহেতু মোৰ ইংৰাজী আৰু অসমীয়াত লাভ কৰা নম্বৰ তুলনামূলকভাবে যথেষ্ট ভাল হোৱাৰ বিপৰীতে বিজ্ঞান আৰু উচ্চ গণিত বিষয়ত লাভ কৰা নম্বৰ বিজ্ঞান বিভাগত পঢ়িব পৰাকৈ পতিয়নযোগ্য নহয়, গতিকে মই কলাশাখাত পঢ়ি পৰৱৰ্তী সময়ত ইংৰাজী বা অসমীয়া সাহিত্যত মেজৰ লৈ পঢ়িলে মোৰ ভৱিষ্যত উজ্জ্বল বুলি আশা কৰিব পাৰি। কিন্তু সৰুৰে পৰা ভলুকা বাঁহৰ জেঙত কলথুৰা লগাই, মুখেৰে ইঞ্জিনৰ শব্দ কৰি বাজাজ চুপাৰ চলোৱা, কলৰ ঢকুৱা-মৰাপাটৰ ৰচীৰে কমাৰশাল গঢ়া মোৰ আভিযান্ত্ৰিক মনটোৱে ভেকুলী, পইতাচোঁৰা কাটি ডাক্টৰী অভ্যাস কৰিবলৈ থকা অদম্য হেঁপাহক সাৰ্থক কৰাৰ পৰিণতিত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাতেই নাম ভৰ্তি কৰিবলৈ বাধ্য কৰিলে।
সেই সময়ত মই অধ্যয়ন কৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বিজ্ঞান বিভাগটো বৰ জোৰা টাপলি মাৰি চলি আছিল। সকলো বিষয়তে টিউশ্ব্যন কৰিবলৈও আমি আৰ্থিকভাবে স্বচ্ছল নাছিলোঁ অথবা ঘৰতো কোনো তদাৰক কৰা মানুহ আমাৰ নাছিল। যি কি নহওঁক দ্বিতীয় বিভাগতেই হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণ হ'লো। এইবাৰ তৃতীয়টো ভুল কৰাৰ পাল।
(৩)
মই যোৰহাট জিলাৰ আটাইতকৈ গৰিমামণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগ পাইছিলোঁ। এতিয়া অৱশ্যে সাধাৰণকৈ প্ৰথম বিভাগ পালেও বহু গাৱলীয়া অঞ্চলত অৱস্থিত মহাবিদ্যালয়তো আসন পোৱা নাযায়। কিন্তু ভুল কৰি ভাল পোৱা মই ৰসায়ন বিভাগত অনাৰ্চ ল'ম বুলি মনতে ঠিৰ কৰি পেলাইছিলোঁ আৰু কাজেই অনাৰ্চ নোপাৱোৰ পৰিপ্ৰেক্ষিতত জে. বি. এৰি তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত ৰসায়ন বিভাগত নামভৰ্তি কৰিছিলোগৈ। অৱশ্যে টাউনত থাকি পঢ়িবলৈ ঘৰুৱা আৰ্থিক অৱস্থাটোৱে অনুমতি দিয়াও নাছিল কিয়নো ৰুগীয়া দেউতাৰ মুখখন আৰু তাৰেই কৰা ক্লান্তিহীন পৰিশ্ৰমে মোক তিতাবৰৰ বংশীখুৰাৰ ঘৰতে থাকি থকা আৰু খোৱাৰ খৰচখিনি দেউতাৰ বাবে ৰাহি কৰাৰ সুযোগকণ দিছিল আৰু তাক মই একো বিশেষ নভৱাকৈয়ে গ্ৰহণ কৰিছিলোঁ। এনেদৰে কৈ মই জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু নন্দনাথ শইকীয়া মহাবিদ্যালয়ক তুলনা কৰা নাই কিন্তু এইয়া আজিও প্ৰাসংগিক যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰেই প্ৰথম পছন্দ জে. বি.। ই এটা গৰিমামণ্ডিত নাম, নামেই যাৰ পৰিচয়।
(৪)
এতিয়ালৈকে কৰা ভুলবোৰ তেনেই সাধাৰণ আছিল। যিটো ভুল স্নাতক দ্বিতীয় বৰ্ষত কৰিলোঁ, সি আছিল জীৱন নাশী। হয়, এই ভুলটোকেই মই জীৱনৰ অন্যতম মাৰাত্মক ভুল বুলি গণ্য কৰোঁ। জীৱনলৈ অহা পৰিস্থিতিত হিতাহিত জ্ঞান হেৰুৱাই দিয়াটো একো অস্বাভাৱিক নহয়। কিন্তু জীৱনলৈ অন্ধকাৰ নমাই অনা পৰিৱেশত সুস্থিৰ সিধান্ত এটা কেনেকৈ লোৱা যায় সেয়াহে গুৰুত্বপূৰ্ণ।
স্নাতক দ্বিতীয় বৰ্ষত পঢ়ি থকাৰ সময়তেই মোৰ দেউতাৰ আকস্মিক বিয়োগ ঘটে। সেই সময়ত 'জীৱন কি?' এই ধাৰণা আছিল নে নাছিল তাক লৈ মই আজিও সন্দিহান। মমৰ ক্ষীণ পোহৰক সাৰথি কৰি অন্ধকাৰ পথত বাট বোলাৰ দৰে দেউতাৰ বৃক্ক-জনিত অসুখত ভোগাৰ দিন ধৰি ঢিমিক ঢিমিক কৈ তেওঁৰ সাহতেই ভাইটি আৰু মই দুয়োটাই পঢ়া শুনা চলাই গৈছিলোঁ। কেমিষ্ট্ৰীত অনাৰ্চ লৈছিলো যদিও নিজাকৈ কিতাপ কিনাৰ সামৰ্থ নাছিল। মাজুলীৰ বনগাঁৱৰ অভিজিত ফুকন ককাইদেউৰ পৰা অনা I.L. Finarৰ Organic Chemistryৰ এখন কিতাপ, শালমৰাৰে প্ৰদীপ বৰা দাদা (সেই সময়ত জে. বি. কলেজৰ পৰা ৰসায়ন বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্নাতক হোৱা আমাৰ গাঁৱৰ প্ৰথম তথা অদ্যপি একমাত্ৰ)ৰ পৰা পোৱা অলপ টোকাবহী আৰু মোৰ খুড়াহঁতৰ গাঁৱৰে ককাইদেউ ভৱজ্যোতি বৰপূজাৰী দাদাৰ পৰা অনা RD Madanৰ Inorganic Chemistryৰ কিতাপ আৰু দুখনমান কিতাপ তথা কিছু টোকাবহীয়েই মোৰ বি.এচ.চি. জীৱনৰ মূল কিতাপ। নিজাকৈ কিনিছিলোঁ Bahl & Bahlৰ Textbook of Organic Chemistryৰ কিতাপখন আৰু ইংৰাজী বিষয়ৰ পাঠ্যপুথি English for All. সেই সময়ত নন্দনাথ শইকীয়া মহাবিদ্য়ালয়ৰ সহকাৰী পুথিভঁৰালী দুলাল দত্ত খুড়া মাজুলীৰ এলেঙী গাঁৱৰে আছিল আৰু আমাৰ দেউতাহঁতৰ সমবয়সৰ হোৱাৰ সুবাদতে তেখেতে মোৰ অৱস্থাটোৰ প্ৰতি সদয় হৈ আনতকৈ দুখন কিতাপ বেছিকৈ পঢ়িবলৈ দিছিল আৰু লাইব্ৰেৰীৰ কিতাপ পঢ়িয়েই মোটামোটি মোৰ স্নাতক পৰ্যায়ৰ অধ্যয়ন চলি গৈছিল।
দ্বিতীয় বৰ্ষৰ মাজৰ ভাগলৈ খবৰ পালোঁ দেউতাৰ গা বেছিকৈ বেয়া। মই ঘৰলৈ আহিলোঁ। আহিয়েই বহুত কান্দিলো। খঙত নে হতাশাত নে অভিমানত সেয়া নাজানো। দূৰৈত পঢ়ি থকা পুতেকলৈ দেউতাকৰ ইমান serious গা বেয়াৰ খবৰ দিয়া নাই। যি কি নহওঁক, মই খবৰ পালোঁ, আহিলো। দুদিনৰ পাছতেই এদিন মাজৰাতি মোৰ কান্ধত বলে নোৱাৰা সিকীয়া বাওকাৰ ভাৰখন তুলি দি মোৰ হাতখনতেই নিজৰ মূৰটো থৈ শেষবাৰৰ বাবে জিৰণি ললে দেউতাই। সকাম হোৱালৈকে বহু উত্থান পতন হ'ল। খুৰাই মোক পঢ়িবলৈ কলে। কলে আৰু এটা বছৰহে বাকী আছে, এইটো বছৰ মোৰ পঢ়াৰ খৰচ খুৰাই ব্যয় কৰিব। যেনেতেনে B.Sc. সম্পূৰ্ণ কৰিব লাগে। মোৰ মন মগজুত বহুত চিন্তা -- ভাইটিৰ কি হ'ব? সি পঢ়াত মোতকৈ ভাল। তাক পঢ়ুওৱাৰ সমস্ত দায়িত্বও মোৰেই। মা আৰু ভাইটীৰ প্রতিপালনৰ দায়িত্বও মোৰেই। দেউতাৰ চিকিৎসা, পৰিয়ালৰ ভৰণ পোষণৰ আৰু সৰ্বতোপৰি দুটি সন্তানক উচ্চ শিক্ষিত কৰাৰ হেঁপাহ টোৰ পৰিনতিত দোকানৰ ধাৰ, শিক্ষক নিধিৰ ধাৰ, বন্ধু, সহকৰ্মীৰ পৰা লোৱা ধাৰ, এই সকলো মিলি প্ৰায় ১,৯২,০০০ টকা ধাৰ্য বোজা আমাৰ পৰিয়ালৰ ওপৰত। মই সিদ্ধান্ত ল'লো - মই নপঢ়োঁ, ভাইটিকে পঢ়ুৱাম।
এই সিদ্ধান্তটোকেই মই জীৱনৰ আটাইতকৈ ভয়ানক সিদ্ধান্ত বুলি বিবেচনা কৰিছোঁ। ভায়টিক পঢ়ুওৱাত সহযোগিতা কৰাটো ভুল নাছিল। ভুল হৈছিল খুৰাই পঢ়ুৱাম বুলি কোৱাৰ পাছতো B. Sc. সম্পূৰ্ণ নকৰাকৈ উভটি অহাটো। হয়তো আৰু অলপ কষ্ট কৰি সেই ডিগ্ৰী লোৱাহলে আজিৰ চাকৰিটো কৰি থাকিব নালাগিলহেঁতেন। অৱশ্যে B.Sc. আধাতে এৰাৰ আৰু এটা কাৰক আছে। সেইটোও পিছত কম। সেইটোও এটা ভুলেই আছিল। আনৰ কথা বেছিকৈ গুৰুত্ব দিয়াৰ ফল ভোগ কৰিছোঁ আজিও।
(আগলৈ...)
Comments
Post a Comment